নলবাৰীত আবকাৰী বিভাগৰ নেতৃত্বত বৃহৎ সফলতা লাভ
১০ কেজি ৫০০ গ্ৰাম গাঞ্জা সহ এগৰাকী মহিলা আটক।
নলবাৰীত বৰ্তমান সময়তো অব্যাহত আছে অবৈধ নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা । তেনে সময়তে এনে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সষ্টম হৈ আছে নলবাৰী অবকাৰী বিভাগ । সেই অনুসৰি নলবাৰী আবকাৰী অধীক্ষক ডা: মুছাৰফ হুচেইনৰ নেতৃত্বত অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে গোপন সূত্ৰৰ পম খেদি নলবাৰী আবকাৰী বিভাগৰ এটি সজাটি দলে অভিযান চলোৱাত পৰিলক্ষিত হয় । আবকাৰী বিভাগৰ সজাটি দলটোৱে নলবাৰীৰ নাপ্তিপাৰাৰ পতেবাৰীত অভিযান চলাই প্ৰায় ১০ কেজি ৫০০ গ্ৰাম গাঞ্জা সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা অনুসৰি মহিলা গৰাকীয়ে দীৰ্ঘ দিন ধৰি এই অবৈধ গাঞ্জাৰ বেহা চলাই উক্ত অঞ্চলটো নষ্ট কৰি আহিছিল ।নলবাৰী আবকাৰী বিভাগৰ নেতৃত্বত চলা অভিযানত গাঞ্জা সহ মহিলা গৰাকী ধৰা পৰে । পিছত আবকাৰী বিভাগে মহিলা গৰাকীক নলবাৰী আদালতত হাজিৰ কৰোৱাত আজি আবেলি জেল হাজোতলৈ প্ৰেৰণ কৰে । এই অভিযান কালত নলবাৰী আবকাৰী বিভাগৰ পৰিদৰ্শক মিন্টু বৰা,বিভাগটোৰ বনজিত দাস,জায়েদুৰ ৰহমান, হিমাশ্ৰী তালুকদাৰ, প্ৰফুল্ল কলিতা,চুলতান আলী, গৌতম লহকৰ, কামাউদ্দিন আহেমদ উপস্থিত থাকে ।