নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপহী গাওঁ পঞ্চায়তৰ অধীনৰ ভকতগাঁও গাঁৱৰ হামিদ মহৰীৰ ঘৰৰ পৰা আল্লাল উদ্দীনৰ ঘৰলৈ ৮লাখ টকা ব্যয় সাপেক্ষে পথ উন্নতিকৰণৰ ধন আবন্টন হয় যদিও ২০২০-২১বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰা পথৰ কাম আজিলৈকে যাতায়তৰ উপযোগী হৈ নুঠাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলবাসী। গাঁও পঞ্চায়তৰ সোপাধিলা নীতিৰ বাবেই চাৰি বছৰে সম্পন্ন হৈ উঠা নাই পথছোৱা। পঞ্চায়ত কৰ্মচাৰী আৰু স্থানীয় কেইজনমান লোকৰ নেতৃত্বত পথচোৱাৰ উন্নতি কাম চলি আহিছে যদিও ৰসহ্যজনক ভাৱে চাৰি বছৰে সম্পন্ন কৰিব নোৱাৰা পথছোৱা অতি সোনকালে মেৰামতি কৰি ৰাইজক পথচোৱা যাতায়তৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।
নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ দুৰ্নীতি
