নগাঁৱৰ ৰঙাজানত কৰুণ ঘটনা

41

নগাঁৱৰ বঢ়মপুৰ ৰঙাজানত কৰুণ ঘটনা ।পথাৰত কৃষি কাৰ্য্য চাবলৈ গৈ বাঢ়নি পানীত পৰি মৃত্যু এজন কিশোৰৰ ।মৃত কিশোৰজন ৰঙাজান গাঁৱৰ জিতু কৰ্মকাৰ ।জিতু কৰ্মকাৰ ঘোগৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ।এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে মৃত কিশোৰ জনৰ পৰিয়াললৈ ১১০০০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ।উল্লেখ যে মৃত কিশোৰজনৰ পিতৃ কৰ্ম সূত্ৰে হায়দাৰবাদ থাকে ।নিজ পুত্ৰক শেষ বাৰলৈ চাবলৈ অসমলৈ আহিবলৈ অৰ্থ অভাৱ হৈছিল ।যাৰ বাবে সহায় কৰে বিধায়ক গৰাকীয়ে।