নগাঁৱৰ বঢ়মপুৰ বালিজুৰিত বন্যহস্তীৰ সন্ত্ৰাস



ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ বঢ়মপুৰৰ বালিজুৰিত এতিয়া নিতৌ চলিছে বন্যহস্তীৰ সন্ত্ৰাস । বিয়লি হ’লেই বালিজুৰিৰ ডাক্টৰ বাগানৰ সমীপৰ ভৈয়ামৰ পথাৰলৈ নামি আহি অৱস্থান কৰে শতাধিক বন্যহস্তীয়ে । ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ আনকি আঘোণৰ পথাৰত সোণগুটি চপাবলৈ আশাৰে বাট চাই ৰোৱাৰ সময়তে ফুটগধূলিতে বালিজুৰিৰ বিশাল ধাননি পথাৰলৈ নামি আহি বিস্তৰ অনিষ্ট সাধন কৰিছে বন্যহস্তীৰ জাকে। যোৱা দুসপ্তাহ ধৰি স্থানীয় ৰাইজে আতচবাজী ফুটাই, জুই আৰু টৰ্চলাইট জ্বলাই ধাননি পথাৰত প্ৰবেশত বাধা প্ৰদানৰ চেষ্টা কৰি আছে অতি বিপদসংকুল ভাৱে। বনবিভাগৰ কেইজনমান বনকৰ্মী কেইঘণ্টামানৰ বাবে আহে যদিও বৃহৎ সংখ্যক হাতী খেদি পঠিওৱাত হ’ব লগীয়া হয় ব্যৰ্থ। উপায়হীন একাংশ স্থানীয় কৃষক ৰাইজে চৰকাৰ আৰু প্ৰকৃতি সংগঠন সমূহৰক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *