নগাঁৱৰ বেঙেনাআটিতত বৃহৎ পৰিমাণৰ নিছাযুক্ত সামগ্ৰী জব্দ

নগাঁৱৰ বেঙেনাআটিতত বৃহৎ পৰিমাণৰ নিছাযুক্ত সামগ্ৰী জব্দ।নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলন ৷ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই সবল নেটৱৰ্ক গঠনেৰে চলাই গৈছে ইয়াৰ ৰমৰমীয়া বেহা ৷ ইয়াৰ মাজতে নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী বেঙেনাআটিত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ আচলতে, বেঙেনাআটি গাওঁৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই জব্দ কৰে এই নিচাযুক্ত সামগ্ৰীবোৰ ৷ লগতে হাতে-লুতে কৰায়ত্ত কৰে দুজন যুৱকক ৷ নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে সৰবৰাহকাৰী যুৱকদ্বয়ৰ সৈতে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি ৷ ধৃত যুৱক দুজন হৈছে মংকি আৰু টিংকু ৷ দীৰ্ঘদিন ধৰি বেঙেনাআটিত ভাড়াঘৰত থাকি ধৃত যুৱকদ্বয়ে নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *