নগাঁৱৰ কটহগুৰি বজাৰত বিধ্বংসী অগ্নিকাণ্ড।বহু লাখ টকাৰ ৰাজহুৱা সম্পত্তি ভস্মিভূত হৈছে এই অগ্নিকাণ্ডত।নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কটহগুৰি বজাৰত শনিবাৰে দিনৰ প্ৰায় ১১ বজাত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । আচলতে, কটহগুৰি বজাৰত গড়কাপ্তানী বিভাগ(পথ)ৰ দ্বাৰা বিশ্ববেংকৰ অৰ্থ সাহায্যৰে অসম কৃষি সামৰ্থ বৰ্ধক প্ৰকল্পৰ অধীনত নিৰ্মিত কটহগুৰি গ্ৰাম্য বজাৰ গৃহৰ ভিতৰত থকা মৰাঠাৰিৰ দ’মত প্ৰথমতে জুইৰ সূত্ৰপাত হয় ৷ এই জুইয়ে ক্ৰমাৎ বিধ্বংসী ৰূপ লৈ সমগ্ৰ কটহগুৰি গ্ৰাম্য বজাৰ গৃহতো ছানি দৰে । জুইৰ লেলিহান শিখাই নিমিষতে বজাৰ গৃহৰ টিনপাতৰ লগতে আন আচবাব ভস্মীভূত কৰি পেলায় । আকস্মিকভাবে সংঘটিত হোৱা এই ঘটনাত সমগ্ৰ অঞ্চলটোতে হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বহু লোকৰ সমাগম হয় ৷ লগে লগে স্থানীয় লোকে ধিং অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী আহি বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও এই অগ্নিকাণ্ডৰ ফলত বহু লাখ টকাৰ ৰাজহুৱা সম্পত্তি ভস্মিভুত হয় বুলি জানিব পৰা গৈছে ৷
