নগাঁৱৰ লাওঁখোৱা বনবিভাগে উদ্ধাৰ কৰিলে পহু।বানৰ কবলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই যোৱা পহু উদ্ধাৰ কৰে বন বিভাগে।
বিগত দুই দিনত জনাঞ্চলৰ পৰা পাঁচটাকৈ পহু উদ্ধাৰ কৰি লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে।ভূৰবন্ধা,বেলুগুৰি, বৰঘুলীৰ আদি অঞ্চলৰ পৰা লাওঁখোৱা বন বিভাগে উদ্ধাৰ কৰে পহু কেইটা।
দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্যজীৱজন্তু জনাঞ্চললৈ উলাই গলে তৎক্ষণাৎ বনবিভাগক খবৰ দিবলৈ আহ্বান বনবিভাগৰ।