নগাঁও জিলাৰ আঞ্জুকপানীত নৃশংস ঘটনা

নগাঁও জিলাৰ আঞ্জুকপানীত নৃশংস ঘটনা। পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পিতৃয়ে। পৰিয়ালৰ ৫জন সদস্যক আক্ৰমণ পুত্ৰৰ। নিহত বৃদ্ধজনৰ নাম কুদ্দুছ আলী। পুত্ৰ আনোৱাৰে গছৰ ডালেৰে আক্ৰমণ কৰিছিল পিতৃক। পত্নী, জ্যেষ্ঠ ভাতৃ, ভগ্নী, বৌৱেককো আক্ৰমণ কৰে যুৱকজনে। সুৰাৰ ৰাগীতে আনোৱাৰে আক্ৰমণ কৰে পৰিয়ালৰ সদস্যসকলক। আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি। হত্যাকাৰী পুত্ৰ আনোৱাৰক আটক কৰে চামগুৰি আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *