নগাঁওত এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস।
এইবাৰ স্পে গেংৰ টাৰ্গেট হৈছে ই ৰিক্সা চালক।
জুৰীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
ই ৰিক্সা ভাড়ালৈ নি চালকক স্পে দি ই ৰিক্সা, ধন লৈ উধাও দুৰ্বৃত্ত।
ইক্ৰামুল হক নামৰ লোক জনৰ ৰিক্সা খন জুৰীয়াৰ পৰা নগাঁৱলৈ ভাড়ালৈ নিছিল তিনিজনকৈ লোকে।
পিছত নিশা ই ৰিক্সা খনৰ গৰাকী ইক্ৰামুল হকক স্পে মাৰি অচেতন কৰি নগদ ধন সহ ই ৰিক্সা খন লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।
পুৱা পৰিয়ালৰ লোকে ইক্ৰামুলক জুৰীয়াৰ আলিটাঙনীৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।
ঘটনা সংক্ৰান্তত ভূক্তভোগী গৰাকীয়ে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে স্পে গেংটোক আটক কৰিবলৈ সক্ষম হোৱা নাই।