নকল চহীৰে স্বাস্থ্য কেন্দ্ৰত চলি আছে কাম কাজ

গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰত ভয়ংকৰ কেলেংকাৰী।চাৰি বছৰ ধৰি জালিয়াতিৰ চহীৰে চলি আছে কাম কাজ।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰী চিকিৎসালয়ৰ অন্তৰ্গত গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰত এক ভয়ংকৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি-চাৰি বছৰ পূৰ্বে গৰীয়াবৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্রী হিচাপে ফৰিদা বেগমে অঞ্চলটোত অৱস্থিত গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভানেত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল।

উল্লেখযোগ্য যে চৰকাৰী নিয়ম অনুসৰি উপ স্বাস্থ্যকেন্দ্ৰ সমূহত গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্রী সকলে হে অঞ্চলটোৰ উপ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কাম কাজ চলাই নিব লাগে।যদিও সভানেত্রী ফৰিদা বেগমৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতো তেওঁৰ অজ্ঞাতে উপ স্বাস্থ্যকেন্দ্ৰটোত তেওঁৰ চহীৰেই আজিলৈকে এ এন এম ৰুমা কানুই চহী জালিয়াতি কৰি কামকাজ চলাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সভানেত্রী ফৰিদা বেগমে।

উপ স্বাস্থ্যকেন্দ্ৰটোৰ এ এন এম ৰুমা কানুই চহী জালিয়াতি কৰা ঘটনাটো ফৰিদা বেগমে ইতিমধ্যে জানিব পাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ঘটনা সংক্ৰান্তত তদন্ত কৰিবলৈ লিখিত অভিযোগ দাখিল দিয়াৰ লগতে কাষ চাপে সংবাদ মহলৰ।।

ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *