বটদ্ৰৱাত বীৰাংগনা মহিলা।ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটি ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল মহিলাৰ।এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰিছিল কদমনি পথাৰৰ নুৰ হুছেইন নামৰ এটা লম্পটে।মহিলা গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে নুৰ হুছেইন নামৰ ব্যক্তি গৰাকীৰ গুপ্তাংগ চোকা অস্ত্রৰে কাটে মহিলা গৰাকীয়ে।বৰ্তমান নুৰ হুছেইন নামৰ লম্পটো সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।মহিলা গৰাকীয়ে ন্যায় বিচাৰি ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাৰৰ দাখিল কৰিছে যদিও নুৰ হুছেইনৰ পৰিয়ালে মহিলা গৰাকীৰ পৰিয়ালক ভাবুকি প্রদান কৰাৰ অভিযোগ। উঠিছে।
