ধেমাজিৰ লালুং কপাহতলীত ভয়ংকৰ পথ দূৰ্ঘটনা ।এজন থিতাতে নিহত, এজনৰ অৱস্থা সংকতজনক । আজি আবেলি প্ৰায় ২.৩০ বজাত ধেমাজিৰ শ্ৰীপানী পঞ্চায়তৰ লালুং তিনিআলিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । চিলাপথাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা স্বপ্না নামৰ নৈশ চুপাৰখনে মহতিয়াই নিয়ে বাই-চাইকেলত অহা দুজন আৰোহীক । জানিব পৰা অনুসৰি শ্ৰীপানী হাটীগড়ৰ লখন চাংমাই নামৰ পঞ্চাছ বছৰীয়া লোকজনে তেওঁৰ জোঁৱায়েক লালুং তিনিআলিৰ চেম্পু লালুঙৰ সৈতে এখন চাইকেলেৰে শ্ৰীপানীৰ পৰা লালুঙলৈ গৈ আছিল । কপাহতলীৰ সমীপত একে দিশৰ পৰা আহি থকা স্বপ্না নামৰ নৈশ বাছখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত শহুৰেক লখন চাংমাইৰ থিতাতে মৃত্যু হয় আনহাতে জোঁৱায়েক চেম্পু লালুঙক সংকতজনক অৱস্থাত ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । ঘটনাস্থলীত চিচিবৰগাঁও আৰু ধেমাজিৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
