ধূলা আৰক্ষীৰ আন এক সফলতা

ধূলা আৰক্ষীৰ আন এক সফলতা।সোমবাৰে ধূলা আৰক্ষী থানাৰ নব নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সন্দিকৈৰ নিৰ্দেশত আৰু উপ পৰিদৰ্শক বলেন কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন খবৰৰ ভিত্তিত ধূলা আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাখাটত এক অভিযান চলায়। অভিযানত চাৰিজনকৈ ড্ৰাগছ সেৱন কৰা যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ধৃত চাৰি যুৱকৰ পৰা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এটা ইঞ্জেক্সন উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে। গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন ওদালগুৰি জিলাৰ ওদালগুৰি থানাৰ অন্তৰ্গত বেলগুৰি ছত্ৰপাৰাৰ বিক্ৰাম দৈমাৰী,লুকাশ দৈমাৰী আৰু ভইৰাগুৰিৰ ফিলিপ গুৱাৰী আৰু ৰিজু বড়ো বুলি জানিব পৰা গৈছে।
গ্ৰেপ্তাৰ হোৱা চাৰি যুৱকৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত 134/23 নম্বৰৰ 21(a) NDPS ধাৰাত এক গোচৰ ৰুজু কৰি মঙ্গলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে ধূলা আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *