ধূলাত JJM আঁচনিৰ উদ্বোধন বিধায়ক বসন্ত দাসৰ

ধূলাত JJM আঁচনিৰ উদ্বোধন বিধায়ক বসন্ত দাসৰ।দৰঙৰ ধূলাত জল জীৱন মিছন আঁচনিৰ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে। পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধূলা গাঁও পঞ্চায়তৰ পানীয়াখাট গাঁৱৰ উত্তৰ চুবাত প্ৰায় ১কোটি ২৭ লাখ টকা ব্যয়ৰে নিৰ্মান হোৱা পানী যোগান আঁচনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। গাঁও খনৰ প্ৰায় ২০০ খন ঘৰত এই পানী যোগানৰ সংযোগ দিয়া হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাৰ আয়োজন কৰে। উক্ত সভাত সভাপতিত্ব কৰে ধূলা গাঁও পঞ্চায়তৰ সভানেত্ৰী সৰুফা খাতুন য়ে। আনুষ্ঠান টিত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বহু কেই গৰাকী বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ। আনহাতে প্ৰতিঘৰ পৰিয়ালে এই বিশুদ্ধ খোৱা পানী সেৱন কৰি ভয়ানক বেমাৰ আদিৰ পৰা মুক্ত থাকিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *