ধুবুৰীৰ পানবাৰী গাঁও পঞ্চায়তৰ পিতৃহাৰা দুই ভাই ককাইৰ সাফল্য

ধুবুৰীৰ পানবাৰী গাঁও পঞ্চায়তৰ পিতৃহাৰা দুই ভাই ককাইৰ সাফল্য।শেহতীয়াকৈ অসম চৰকাৰৰ স্বচ্ছ আৰু নিকা ৰাজনীতিৰ অংশ স্বৰূপে ধুবুৰী জিলৰ পাণবাৰী গাওঁ পঞ্চায়তৰ বানিয়ামাৰী ৮ম খণ্ড গাওঁৰ নাছিৰ উদ্দিন মোল্লাৰ দুই পুত্ৰ তাহাজ উদ্দিন মোল্লা আৰু হাফিজ মকবুল হোছেন মোল্লা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হয়।অতি দৰিদ্ৰ পৰিয়ালৰ দুই ভাই ককায়েকৰ পৰিয়ালত বিগত তিনি বছৰ আগতে পিতৃহাৰা হৈ বহুত কষ্টৰে পঢ়াশুনা কৰিছিল দুয়ো ভাই ককায়েকে।অতি কষ্টৰে পঢ়াশুনাৰ কৰাৰ লগতে এজনে ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াই আছিল আনজনে সৰুকৈ কাচা মালৰ দোকান চলাই পৰিয়াল পোহ পাল দিয়াৰ লগতে নিজৰো পঢ়াশুনাৰ খৰচ পাতি চলাই গৈছিল।বৰ্তমান দুয়ো ভাই ককাই একেলগে চৰকাৰী চাকৰি লাভ কৰাত পৰিয়ালৰ লোক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।আজি সিহঁতৰ ঘৰত উপস্থিত হৈ পাণবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আবুল কালামে উক্ত পৰিয়ালক সম্বৰ্ধনা দিয়া পৰিলক্ষিত হয়।সেয়ে অসম চৰকাৰৰ লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় দুয়ো ভাই ককায়েকে।এনে স্বচ্চ আৰু নিকা নিযুক্তি দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে দৰিদ্ৰ পৰিয়ালে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *