ধিংৰ গায়ন গাঁওৰ পৰা ৰহস্যজনক ভাৱে বৃদ্ধ নিৰুদ্দেশ।

ধিংৰ গায়ন গাঁওৰ পৰা ৰহস্যজনক ভাবে বৃদ্ধ নিৰুদ্দেশ।

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত 2নং গায়ন গাঁওৰ পৰা 70 বছৰীয়া বৃদ্ধ ইব্ৰাহিম আলী নিৰুদ্দেশ।
উল্লেখ্য যে 2নং গায়ন গাঁওৰ ইব্ৰাহিম আলী নামৰ বৃদ্ধ ব্যক্তি জন যোৱা বুধবাৰে মৰিগাঁও জিলাৰ নগবান্ধা স্থিত নিজৰ ডাঙৰ পুত্ৰৰ ঘৰত পৰিয়ালৰ সৈতে আলহি খাবলৈ গৈছিল। কিন্তু সেই দিনাই বৃদ্ধ ব্যক্তিজন নগাবান্ধাৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰিছে যদিও ইব্ৰাহিম আলীৰ কোনো সন্ধান নাপাই অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে। যদি কোনো সদাহয় ব্যক্তিয়ে ইব্ৰাহিম আলীৰ সম্ভেদ পায় তেন্তে 9365493218 অথবা 6901763102 নাম্বাৰত যোগা যোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *