ধনৰ বিনিময়ত দিয়া হয় চৰকাৰী ঘৰ

বকো উন্নয়ণ খণ্ডৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত আৱাস গৃহ প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ।

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোউন্নয়ন বিভাগত সঘনে সংঘটিত হৈ থাকে ধনৰ লেনদেনৰ ঘটনা।

এই বাৰ কামৰূপ জিলাৰ বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত আৱাস গৃহৰ হিতাধিকাৰীৰ মুখেৰেই প্ৰকাশ হ’ল ধন লোৱা ঘটনা।

আজি পঞ্চায়ত খনৰ উত্তৰ বৰপাৰাত প্ৰধান মন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী হৰিদাসী বসাকৰ গৃহত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ কৰ্মী লাচিত কলিতা সহ সাংবাদিকৰ দলে গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে খৱৰ কৰাত পঞ্চায়ত কৰ্মীয়ে ধন আদায় লোৱা তথ্য প্ৰকাশ পায়।

পঞ্চায়ত খনৰ অধিনত আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা দাবী ধমকিৰে ধন বিচৰা কথাটো ফাদিল হয়। প্ৰতিটো গৃহৰ বাবদ অতি কমেও পাছ হাজাৰকৈ টকা ভয় ভাবুকিৰে আদায় কৰে পঞ্চায়তৰ কৰ্মীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *