দৰঙৰ ভেৰভেৰীত গণ প্ৰতিবাদ।
প্ৰায় ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত তীব্ৰ আন্দোলন ।
হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত বহিল হাজাৰ হাজাৰ জনতা।
সহস্ৰ মহিলাও ভাগ ললে প্ৰতিবাদত ।
প্ৰতিবাদীৰ কণ্ঠক সমৰ্থন জনাব নে অসম চৰকাৰে?
আমছুৰ ভেৰভেৰী আঞ্চলিক সমিতিৰ উদ্যোগত কংগ্ৰেছ, এ,আই, ইউ, ডি, এফ,, বি,পি, এফ তথা সকলো দল-সংগঠনৰ সহযোগত দৰং জিলাৰ ভেৰভেৰী বিল গাঁও পঞ্চায়ত ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰা সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে গণ প্ৰতিবাদী কাৰ্যসূচী । উল্লেখযোগ্য যে, দৰং জিলাৰ ভেৰভেৰী বিল গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেৰভেৰী বিল, চেনিবাৰী, বৰখাট, বেগাৰকাষ আদি গাঁও ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে শেহতীয়া ভাবে সিদ্ধান্ত লৈছে । আৰু এই সিদ্ধান্ত বাতিলৰ দাবীত আজি দৰঙৰ ভেৰভেৰীত গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিভিন্ন দল-সংগঠনে । হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, অসম চৰকাৰ হায় হায়, ভেৰভেৰী বিল গাঁও পঞ্চায়ত BTR ৰ অন্তৰ্ভূক্ত কৰা নচলিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে প্ৰায় ৫ সহস্ৰাধিক ৰাইজে । উল্লেখিত গাঁও সমূহ BTR ত অন্তৰ্ভুক্ত কৰিলে ৰাইজৰ বিভিন্ন অসুবিধা হব বুলি প্ৰকাশ কৰি এই সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনায় আমছুৰ উপদেষ্টা আইনুদ্দীন আহমেদ ।
অন্যথাই পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেতা জনে! প্ৰয়োজনত উপায়ুক্ত কাৰ্যালয় ঘেৰাও, দিছ্পুৰ চলোঁ’ কাৰ্যসূচীৰ লগতে দিল্লী চলোঁ’ প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হব নেতা সকলে ।
