দৰঙৰ নামখলাত চৰকাৰী ভূমি বেদখলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

দৰঙৰ নামখলাত চৰকাৰী ভূমি বেদখলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।


বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ।

ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত পাথৰিঘাটৰ ৰাজহ চক্ৰ বিষয়া।

উল্লেখযোগ্য যে পশ্চিম দৰঙৰ নামখলা চ’কৰ গাতে লাগি থকা এডৰা চৰকাৰী ভূমিত স্থানীয় ৰাইজে গাওঁ পঞ্চায়তৰ সহযোগত ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ যো-জা কৰে।
এনে সময়তে উক্ত ভূমিত এজন স্থানীয় লোকে ৰাইজৰ বাধা সত্বেও নিশাটোৰ ভিতৰতে বলপূৰ্বকভাৱে এটা ঘৰ সাজি, চাৰিওফালে জেওৰা দি বেদখল কৰে।

ব্যক্তিজনৰ এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে ৰাজহচক্ৰ বিষয়াগৰাকীক অভিযোগ কৰে।

শীঘ্ৰে চৰকাৰী ভূমিডৰাৰ বেদখল উচ্ছেদ কৰাৰ বাবে পদক্ষেপ ল’বলৈ দাবী জনায় চক্ৰ বিষয়াক ৷

ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত তৎক্ষনাৎ চক্ৰ বিষয়া দৰদী দেৱ ৰয় উপস্থিত হৈ চৰকাৰী ভূমি বেদখল হোৱাটো নিশ্চিত কৰে।
আৰু বিষয়া গৰাকীয়ে এসপ্তাহৰ ভিতৰত উক্ত বেদখল উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *