দৰঙৰ ধূলাত ড্ৰাগছ সহ দুজনক আটক।
দৰঙৰ ধূলা থানাৰ অন্তৰ্গত চালনি কুচিত নাকা তালাচীত ড্ৰাগছ সহ দুজন লোক আটক কৰিবলৈ সক্ষম হয় ধুলা আৰক্ষীয়ে ।
মটৰচাইকেলেৰে ড্ৰাগছ লৈ আহি থকা অৱস্থাত ধুলাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ধূলা আৰক্ষীয়ে চালনি কুচিৰ পৰা আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক।
লোক দুজন হানিফ আলি আৰু ইয়াৰ হুছেইন বুলি জানিবলৈ পৰা গৈছে।
দুইজনৰ ঘৰ ভেৰভেৰি বিল আৰু ভেৰভেৰি ঝাৰ ।
আৰক্ষীয়ে লোক দুজন পৰা সৰ্ব মুঠ 57.18 গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰে।
