দেশ কঁপাই যোৱা দিল্লী কাণ্ডৰ নতুন মোৰ।গাড়ীৰ তলত এগৰাকী যুৱতীক ১২ কিলোমিটাৰ চোঁচোৰাই নিয়াৰ ফলত মৃত্যু হোৱা ঘটনাৰ নতুন মোৰ।বলে’ৰ বহনে চোচৰাই নিছিল এগৰাকী 20 বছৰীয়া যুবতীক। পুৱতি নিশা প্ৰায় 3 মান বজাত হাস্পতালত মৃত্যু হৈছিল যুৱতীগৰাকী। স্কুতিৰে ঘৰলৈ গৈ থকা অৱস্থাত সংঘতিত হৈছিল এই ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত পাঁচ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত যুৱতীগৰাকীৰ সৈতে স্কুটীত আছিল এগৰাকী বান্ধবীও। ঘটনাৰ পিছতে যুৱতীগৰাকী পলায়ন কৰে। বৰ্তমান সেই বান্ধবীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।দিল্লীৰ এই নৃশংস ঘটনাৰ চিচিটিভি ফুটেজ ইতিমধ্যে পোহৰলৈ আহিছে। যি দৃশ্য দেখি শিয়ৰি উঠিছে সমগ্ৰ দেশ। দুৰ্ঘটনাৰ পিছতে যুৱতীগৰাকীক প্ৰায় ১২ কিলোমিটাৰ দূৰত্ব টানি নিয়ে কেইবাজনো সুৰাপায়ী যুৱকে।কিন্তু নতুন তথ্যত পোহৰলৈ আহিছে, ঘটনাৰ দিনা নিহত যুৱতীগৰাকীৰ সৈতে স্কুটীত আছিল আন এগৰাকী বান্ধৱীও। দুৰ্ঘটনাত বান্ধবীগৰাকীও সামান্য আঘাতপ্ৰাপ্ত হয়। কিন্তু চকুৰ সন্মুখতে নিজৰ বান্ধবীৰ এনে ভয়াৱহ পৰিণতিৰ পিছত আৰক্ষীৰ সহায় নিবিচাৰি পলায়ন কৰে বান্ধবীগৰাকী।কিন্তু আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে , মৃত যুৱতীগৰাকীৰ বান্ধৱীগৰাকীক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে।
