দেওপানী এম ভি স্কুলৰ সমীপত উত্তেজনাময় পৰিৱেশ

দেওপানী এম ভি স্কুলৰ সমীপত উত্তেজনাময় পৰিৱেশ

স্থানীয় ৰাইজে সৃষ্টি কৰিলে উত্তেজনাময় পৰিৱেশৰ ।

উল্লেখযোগ্য যে চাৰ্প নামৰ এটা প্ৰজেক্টৰ যোগেদি বেচৰকাৰী সংস্থা এটাই মহকুমাধিপতিৰ নিৰ্দেশত বন্ধ হৈ পৰা স্কুলৰ গৃহৰ ভিতৰত প্লাটিক খালী বটল জামা কৰে ।

ৰাইজৰ অভিযোগ অনুসৰি এই ধৰণৰ পৰিত্যক্ত সামগ্ৰী জামা কৰাৰ আগত বিদ্যালয়ৰ কাষৰ ৰাইজৰ লগত প্ৰশাসন বা বেচৰকাৰী সংস্থাৰ কোনো বিষয়ববীয়াই আলোচনা কৰা নাছিল ।

লগতে পৰিত্যক্ত সামগ্ৰীৰ লগত সুৰা আৰু বাগানৰ কীটনাশক দব্যৰ খালী বটল দেখি ৰাইজ অধিক উত্তেজিত হৈ পৰে ।


অভিযোগ অনুসৰি স্থানীয় কণ কণ শিশুয়ে দৈনিক ক্ৰীড়াৰ অনুশীলন কৰে বিদ্যালয় খনৰ প্ৰাঙ্গনত ।

যিহতু বিদ্যালয়খনৰ চৌপাশ উন্মুক্ত গতিকে গৰু ছাগলীয়ে এই পেলনীয়া সামগ্ৰী খাই মৃত্যুমুখত পৰাৰো সম্ভাৱনা অধিক ।

সেয়েহে অনতি পলমে প্ৰশাসনে এনে জনবসতিপূৰ্ণ ঠাইত এই সামগ্ৰী জামা নকৰি অন্য ঠাইত জামা কৰি প্ৰজেক্ট চলাবৰ বাবে দাবী জনাইছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *