দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা ।গেছ কঢ়িওৱা টেংকাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ।দুধনৈৰ দিঘলীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷দুৰ্ঘটনা গুৰুত্বৰ ভাৱে আহত দুয়োখন বাহনৰ চালক।গোৱালপাৰা দিশে গৈ AS- 01 KC 8878 নম্বৰৰ ট্ৰাকখনৰ সতে গুৱাহাটী অভিমুখে গৈ থকা NL 01L 2621 নম্বৰৰ গেছ কঢ়িওৱা টেংকাৰখনৰ মুখামুখী সংঘৰ্ষ হয়।ঘটনাস্থলীত উপস্থিত হৈ দুধনৈ আৰক্ষীয়ে গুৰুতৰভাৱে আহত দুয়োখন বাহনৰ চালক সহ তিনিজন ব্যক্তিক দুধনৈৰ এফ আৰ ইউলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
