দিল্লীৰ ৰোহিনী আদালতত বিস্ফোৰণ

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে দিল্লীৰ ৰোহিণী আদালতত ন্যায়াধীশৰ সন্মুখত গেংষ্টাৰ যতিন্দৰ মান ওৰফে গোগীক গুলীয়াই হত্যা কৰা ঘটনাত সমগ্ৰ দেশ হতবাক হৈ পৰিছিল। সেই ঘটনাৰ পিছত পুনৰ এবাৰ শিৰোনাম দখল কৰিছে দিল্লীৰ ৰোহিণী আদালতে। বৃহস্পতিবাৰে আদালতৰ চৌহদত সংঘটিত হয় এটা বিস্ফোৰণৰ ঘটনা। ইতিমধ্যে ঘটনাস্থলীত ৭ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছে।

খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৪০ বজাত বিস্ফোৰণটো সংঘটিত হয়। প্ৰথমতে লেপটপৰ বেটাৰী বিস্ফোৰণ ঘটা বুলি সন্দেহ কৰা হয় যদিও আন একাংশই এয়া টিফিন বোমা বিস্ফোৰণ বুলি দাবী কৰিছে। অৱশ্যে, বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে চৰকাৰে জনোৱা নাই।

এতিয়ালৈকে পোৱা বাতৰি অনুসৰি, বিস্ফোৰণটো আদালতৰ ১০২ নং কোঠাত সংঘটিত হয়। এটা ভিডিঅ’ত দেখা গৈছে যে এটা লেপটপ মাটিত পৰি আছে আৰু আৰক্ষী বিষয়াসকলে তৎক্ষণাৎ তৎপৰ হৈ পৰিছে। বিস্ফোৰণৰ পিছত আদালতৰ সকলো কাম বন্ধ কৰি দিয়া হয়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। অন্তিম প্ৰতিবেদন অনুসৰি, ঘটনাটোত এজন লোক আহত হৈছিল। আৰক্ষীয়ে অনুসন্ধান কৰি আছে যে কেনেকৈ বিস্ফোৰণটো আদালত চৌহদত সংঘটিত হয়। ফৰেনচিক আৰু অপৰাধ দলে ঘটনাটোৰ তদন্ত কৰি আছে। উগ্ৰবাদ বিৰোধী শাখাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে বিডিএছ আৰু এফএছএলৰ বিশেষজ্ঞসকলে তদন্ত সম্পূৰ্ণ নকৰালৈকে মন্তব্য দিয়াটো সম্ভৱ নহয়।

স্মৰ্তভিক ভাৱে, ছেপ্টেম্বৰত দিল্লীৰ মষ্ট ৱান্টেড গেংষ্টাৰ যতিন্দৰ মান ওৰফে গোগীক ৰোহিণী আদালতৰ ২০৭ নং কোঠাত গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত কৈছিল যে বিৰোধী গোটৰ সদস্যসকলে তেওঁক এটা ষড়যন্ত্ৰত হত্যা কৰিছিল। ঘটনাটোত আৰক্ষীৰ গুলীত দুজন দুৰ্বৃত্তই প্ৰাণ হেৰুৱাইছিল। ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, “শুনানিৰ সময়ত দুজন দুৰ্বৃত্তই গোগী নামৰ গুণ্ডাজনৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়ে তেওঁলোকক প্ৰতিহত কৰিবলৈ গুলীচালনা কৰে। এজন আক্ৰমণকাৰীৰ ওপৰত ৫০,০০০ টকাৰ পুৰস্কাৰ আছিল। ঘটনাটোৰ কেইমাহমান পিছত, নতুন বিস্ফোৰণক লৈ আদালত চৌহদত নিৰাপত্তা ৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *