দিমিলা নদীত মৃতদেহ উদ্ধাৰ

দিমিলা নদীত মৃতদেহ উদ্ধাৰ ৷

দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী কটৰা গাঁওৰ দিমিলা নদীত ওপঙি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ হয়।

মৃত লোকজন হুছেইন চুবুৰীৰ নিবাসী দুই সন্তানৰ পিতৃ মিৰাজুদ্দিন আহমেদ।

তিনিদিন পূৰ্বে ঘৰৰ পৰা বজাৰলৈ আহি দুদিন ধৰি নিখোজ হৈ আছিল লোকজন।

ঘটনাস্থলীত খৈৰাবাৰী আৰু বুঢ়া থানাৰ আৰক্ষীৰ উপস্থিতত ভেৰগাঁওৰ সহকাৰী আয়ুক্ত লোকাশ বৈশ্যৰ নেতৃত্বত মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মৰনোত্তৰ পৰীক্ষাৰ পিছতহে আৰক্ষীৰ তদন্তত হত্যা নে আত্মহত্যা জানিব পৰা যাব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *