দলগাওঁত কণ কণ‌ ছাত্ৰ ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা

দলগাওঁত কণ কণ‌ ছাত্ৰ ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা ।
মামা আমাৰ বহুত ভয় লাগে আমাক এখন পকা দলং দিয়ক ,
বিদ্যালয়ত অহা যোৱা কৰাত অসুবিধা হৈছে
হাতযোৰ কৰি মামা হিমন্ত বিশ্ব শৰ্মাক দলং নিৰ্মাণৰ অনুৰোধ ।
দীৰ্ঘদিন ধৰি বিপদসংকুল ভাবে বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ অহা যোৱা কৰা এদল কণ‌ ছাত্ৰ ছাত্ৰী ছাত্ৰীয়ে হাতযোৰ কৰি মামা হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ – মামা আমাক এখন পকা দলং নিৰ্মাণ কৰি দিয়ক , বিদ্যালয়ত অহা যোৱা কৰাত অসুবিধা হৈছে ,আমাৰ ভয় লাগে । উল্লেখযোগ্য যে মঙ্গলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ আৰু ২ নং মাগুৰমাৰী গাৱৰ ধুলা সংযোগী পথত থকা এটি জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দীঘদিন ধৰি অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ ৰাইজ । মঙলদৈ সমষ্টিৰ ধূলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ আৰু ২ নং মাগুৰমাৰী গাৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নৈ খনৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ সাকোঁৰ ঠাইত এখন ফুট ব্ৰীজ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও পঞ্চায়ত খনৰ জন প্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । একবিংশ শতিকাতো ছাত্ৰ-ছাত্ৰীৰ এনে বিপদ সংকুল যাত্ৰাই উদঙাই দিছে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ সমষ্টি উন্নয়নৰ প্ৰকৃত নমুনা ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *