দলগাঁৱৰ বেছিমাৰী উন্নয়ন খণ্ডৰ এম জি এনৰেগা আঁচনি নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

দলগাঁৱৰ বেছিমাৰী উন্নয়ন খণ্ডৰ এম জি এনৰেগা আঁচনি নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ।

ভুৱা তথ্যৰে পঞ্চায়ত প্ৰতিনিধিয়ে কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আনিছে এজন RTI কৰ্মীয়ে ।

দৰঙৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত দলগাওঁ, ছকৰাবস্তী, বৰঝাৰ ,দৈপাম গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গাওঁ পঞ্চায়ত সমূহৰ GRS সকলে মিলি MGNEREGA আঁচনিৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে । এই দুৰ্নীতিত নাম সাঙোৰ খাইছে পঞ্চায়ত সমূহৰ GRS ,AA,CA,JE,AE আৰু পঞ্চায়ত সমূহৰ সচিব সকলৰ ।একেখন জব কাৰ্ডৰ পৃথক পৃথক ৭জন লোকৰ এটাই বেংক একাউণ্ট নম্বৰ,একেটা ফটো দুই তিনিটা আঁচনিত সংলগ্ন কৰা,পৰ্যবেক্ষণ নকৰাকৈ একে ঠাইতে বহি টেগ কৰা আদি ভিন্ন অভিযোগ তুলিছে RTI কৰ্মী ৰুস্তম আলীয়ে।পূৰ্বৰ পৰাই এটাৰ পিছত এটা বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে RTI কৰ্মী গৰাকীয়ে । গাওঁ পঞ্চায়তত কোনো ধৰণৰ তথ্য নপোৱাত নিজাববীয়াকৈ অনুসন্ধান কৰি এই কেলেংকাৰীৰ তথ্য পোহৰলৈ আনে RTI কৰ্মী ৰুস্তম আলীয়ে।RTI কৰ্মী ৰুস্তম আলীয়ে বেছিমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰি তদন্ত দাবী কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষকক এই দুৰ্নীতিৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিলে দুৰ্নীতিৰ বহু তথ্য প্ৰমাণ লাভ কৰিব বুলি দাবী কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *