দলগাঁৱত চৰকাৰী বিদ্যালয়ত অগ্নি সংযোগ দুৰ্বৃত্তৰ ।
অগ্নি কাণ্ডত ভষ্মিভুত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ ।
শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওচৰত তদন্তৰ দাবী ।
দৰঙৰ দলগাওঁ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত ১৯১২ চনত স্থাপিত দলগাঁও সংলগ্ন অভ্যাসন প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সোমবাৰে নিশা কোনো দুৰ্বৃত্তই বিদ্যালয় খনৰ দুটা শ্ৰেণী কোঠা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে প্ৰধান শিক্ষকৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে । ফলত জুইত ভস্মীভূত হয় ১৯৫০ চনৰ পৰা বিদ্যালয় খনত মজুত ৰখা গুৰুত্বপূৰ্ণ নথিপত্ৰ সমূহ।৷ ঘটনাৰ খবৰ পাই পুৱাই দলগাঁও থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখযোগ্য যে , নৈশ চকীৰ নথকাৰ সোযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰৰ দলে এনে জঘন্য কাণ্ড সংঘটিত কৰাৰ সুবিধা পাইছে । সঠিক তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ।
