দলগাঁও আৰক্ষীৰ আজৱ কাণ্ড। ভুক্তভূগীয়ে দাখিল কৰা এজাহাৰৰ পৰিৱৰ্তে আদালতত দাখিল কৰিলে বেলেগ এজাহাৰ। ন্যায় বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ ভুক্তভূগীৰ।দলগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এজাহাৰ সালসলনি কৰাৰ অভিযোগ। ভুক্তভূগীয়ে দাখিল কৰা এজাহাৰৰ পৰিৱৰ্তে পঞ্জীয়ন কৰা গোচৰৰ সৈতে জিলা আদালতত প্ৰেৰণ কৰিলে অন্য এজাহাৰ যাক লৈ দলগাঁও আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ খলকনি সৃষ্টি হৈছে। অভিযোগ মতে, ১/২ নং বৰুৱাঝাৰ গাঁৱৰ দুই ফৈদ ক্ৰমে জুমৰ আলী আৰু শ্বেইখ আব্দুল্লাহৰ মাজত দীৰ্ঘদিন ধৰি ভূমি সংক্ৰান্তীয় বিবাদ চলি আছে। যোৱা ৩০ জুন তাৰিখে শ্বেইখ আব্দুল্লাহৰ পুত্ৰ বোৱাৰী মুছলিমাই খেতিত যোৱাৰ সময় অভিযুক্ত জুমৰ আলীয়ে অশ্লীল ইংগিত দিয়ে। ইয়াকে লৈ দুয়োজনৰ মাজত তৰ্কাতৰ্কি চলি থকাৰ মাজতে জুমৰ আলীয়ে মুছলিমাক শাৰীৰিক ভাৱে আক্ৰমণ কৰি পিন্ধনৰ কাপোৰ ফালি পেলোৱাৰ লগতে মছলিমা সহ তেওঁৰ স্বামীকো মাৰপিট কৰি গুৰুতৰ ভাৱে জখম কৰে। এই ঘটনা সংক্ৰান্তত ভুক্তভূগীৰ শশুৰেক শ্বেইখ আব্দুল্লাহই দলগাঁও থানাত ১ জুলাই তাৰিখে এজাহাৰ দাখিল কৰে যদিও ন ন অজুহাত দেখুৱাই উক্ত এজাহাৰখন পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰি ৰাখি থয় দলগাঁও আৰক্ষীয়ে। ইফালে, একে ঘটনা সংক্ৰান্তত ভুক্তভূগী স্বয়ং যোৱা ৫ জুলাইত eFIR portal ত এজাহাৰ দাখিল কৰাত এজাহাৰখন (Case No.) ত পঞ্জীয়ন হয়। ইফালে, অভিযুক্ত সকলে জামিনৰ বাবে জিলা আদালতত আবেদন কৰাৰ কথা শুনি PSI Court ত ভুক্তভূগী গৈ এজাহাৰৰ নকল কপি বিচৰাত তেওঁ দাখিল কৰা এজাহাৰৰ পৰিৱৰ্তে পূৰ্বেই তাইৰ শশুৰেকে দাখিল কৰা এজাহাৰখন চাই হতভম্ব হৈ পৰে। মনকৰিবলগীয়া কথাটো হল- মুছলিমাৰ নামত পঞ্জীয়ন হৈছে eFIR । তেনেক্ষেত্ৰত দলগাঁও আৰক্ষীয়ে কি স্বাৰ্থত পূৰ্বে পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা এজাহাৰখন জিলা আদালতত প্ৰেৰণ কৰিলে তাক লৈ প্ৰশ্নৰ উদৃক হৈছে। দলগাঁও আৰক্ষীৰ এনে মইমতালিৰ বিৰুদ্ধে ভুক্তভূগী মুছলিমাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙলৈ অভিযোগ প্ৰেৰণ কৰাত বিপাঙত পৰিছে দলগাঁও আৰক্ষী। দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈৰ লগত ফোনযোগে ঘটনা সম্পৰ্কে জানিব বিচৰাত তেওঁ কেমেৰাৰ আগত কোনো মন্তব্য দিবলৈ অমান্তি হয়। একে পৰিয়ালৰ এটা ঘটনাৰ বিপৰীতে দুটা এজাহাৰ পঞ্জীয়ন নহয় বুলি কৈ ঘটনাক বিষয়টোৰ পৰা ফালৰি কাটে। উক্ত ঘটনাক কেন্দ্ৰ কৰি দৰং আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ খলকনি কৰিছে। প্ৰশ্ন হৈছে- ন্যায় পাবনে ভুক্তভূগী মুছলিমাই? কিহৰ স্বাৰ্থত এজাহাৰ সালসলনি কৰিলে দলগাঁও আৰক্ষীয়ে? দলগাঁও আৰক্ষীৰ এনে মইমতালিৰ বিৰুদ্ধে ব্যৱস্থা লবনে আৰক্ষী অধীক্ষক কিম্বা সঞ্চালক প্ৰধানে?সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।