দক্ষিণ কামৰূপৰ সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দক্ষিণ কামৰূপৰ সোণতলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

সোণতলী আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন ড্ৰাগছ ব্যাৱসায়ী।

যুৱকজনে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ সেৱন কৰাৰ লগতে নিৰ্বিঘ্নে চলাই আছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় ৷

ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংশৰ মুখলৈ ঠেলি দিয়া জয়নুৰ ৰহমান সম্পৰ্তি সোণতলী আৰক্ষীৰ জিম্মাত।

সোণতলী সত্ৰ গাৱৰ ২০ বছৰীয়া যুৱক জয়নুৰ ৰহমানে অতদিনে নিজে সেৱন কৰাৰ লগতে চলাই আছিল ড্ৰাগছৰ ব্যৱসায়।

সোণতলী আৰক্ষীয়ে আজি দুপৰীয়া গোপন সুত্ৰৰ পম খেদি আৰক্ষী চকীৰ সজাতি দলে আটক কৰে ড্ৰাগছ ব্যাৱসায়ী জনক।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ননী গোপাল সৰকাৰৰ নেতৃত্বত চলা অভিযানত ১০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যাৱসায়ী জয়নুৰ ৰহমানক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *