দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগৰ অভিযান

দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগে অভিযান চলাই মূল্যৱান ফলা শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰামতে বামুণীগাঁৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীৰ বনৰক্ষী বাহিনীৰ আব্দুল গফুৰ, গিয়াছউদ্দিন আহমেদ আৰু হাসমত আলীয়ে আজি গৰৈমাৰীৰ লাৰুৱাজানত গোপন খবৰৰ ভিত্তিত অতৰ্কিতভাৱে অভিযান চলায়৷

বন বিভাগৰ দলটোৱে লাৰুৱাজানৰ পথৰ দাঁতিৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ফলা নন শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দকৃত ফলা কাঠখিনি গৰৈমাৰীৰ বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *