তিতাবৰৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

তিতাবৰৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি।তিতাবৰ চাহ মজদূৰ আদিবাসী কংগ্ৰেছ কৰ্মীসকলৰ ক্ষোভ।তিতাবৰ চাহ মজদূৰ আদিবাসী কংগ্ৰেছ তিতাবৰ ব্লকৰ সভাপতি দায়িত্ব গনেশ কুৰ্মীক দিয়াৰ পাছতে জাঙুৰ খাই উঠিছে তিতাবৰৰ ব্লকৰ ১৬ খনকৈ মণ্ডলৰ চাহ মজদূৰ কংগ্ৰেছ কৰ্মী সকল।চাহ মজদূৰ আদিবাসী কংগ্ৰেছৰ তিতাবৰ ব্লকৰ অন্তৰ্ভুক্ত নোহোৱাৰ গণেশ কুৰ্মীক সভাপতিৰ দায়িত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰে চাহ মজদূৰ কংগ্ৰেছ কৰ্মীসকলে।গণেশ কুৰ্মীক কোনো কাৰণতে তিতাবৰ চাহ মজদূৰ আদিবাসী কংগ্ৰেছ কৰ্মীয়ে সভাপতি হিচাপে মানি নলয়।যদি অতি শীঘ্ৰে ৰাজ্যিক নেতৃত্বই বিষয়টো ওপৰত গুৰুত্ব দি এক সু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত এই সকল কংগ্ৰেছ কৰ্মীয়ে বিকল্প চিন্তা চৰ্চা কৰা হুংকাৰ প্ৰদান কৰিছে।তিতাবৰ চাহ মজদূৰ আদিবাসী কংগ্ৰেছে ১৬ খন মণ্ডলত কংগ্ৰেছৰ কোনো ধৰণৰ সাংগঠনিক কাম কাজত সহযোগিতা নকৰাৰ সিদ্ধান্ত লয়।এনে পৰিস্থিতিত অসম কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাতুল কুৰ্মী উপস্থিত থাকে যদিও এইসকল কংগ্ৰেছ কৰ্মীক শান্ত কৰিবলৈ ব্যৰ্থ হয়
এতিয়া ৰাজ্যিক নেতৃত্বই কি ভূমিকা পালন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *