ঢকুৱাখানাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।
মৃত্যু হৈছে বিলুপ্ত প্ৰায় দুষ্প্ৰাপ্য প্ৰজাতিৰ 6 টাকৈ শগুণ।
সন্দেহ কৰা মতে বিহ দি হত্যা কৰা এটা মৃত কুকুৰ ভক্ষণ কৰি মৃত্যুৰ মুখত পৰিছে শগুন কেইটা।
এটা শগুন সংকট জনক অবস্থাত উদ্ধাৰ কৰি চিকিৎসা কৰা হৈছে।
এই ঘটনাই প্ৰকৃতি প্ৰেমিৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
