ডিব্ৰুগড়ৰ খামটিঘাটত বন বিভাগে জব্দ কৰিলে শতাধিক ডাম্পাৰ

ডিব্ৰুগড়ৰ খামটিঘাটত বন বিভাগে জব্দ কৰিলে শতাধিক ডাম্পাৰ । জিলা বন প্ৰাধিকৰণ বিষয়া আৰু সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত শুক্ৰবাৰে আবেলি বন বিভাগে ডিব্ৰুগড়ৰ খামটিঘাটত জব্দ কৰে শতাধিক ডাম্পাৰ । বৃহৎ কৰ ফাঁ‌কিৰে ডিব্ৰুগড় খামটিঘাটত দীৰ্ঘদিন ধৰি এচাম দুষ্টচক্ৰই অবৈধভাবে বালি খনন কৰি অহাৰ অভিযোগ উঠিছিল । বন বিভাগৰ চকুৰ সন্মুখতে বালি পলস খননৰ অবৈধ বেহা চলি থকাৰ পিছতো ডিব্ৰুগড় বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি আছিল । ডাম্পাৰ জব্দ খবৰ লাভ কৰি সাংবাদিকৰ এটা দল উক্ত স্থানত উপস্থিত হৈ বন বিষয়াৰ পৰা ভাষ্য বিচাৰিছিল যদিও বন বিভাগৰ লোকে বিষয়টোৰ পৰা এৰাই চলাৰ লগতে কেমেৰা দেখি পলায়নৰ চেষ্টা কৰে । এতিয়া সাধাৰণ লোকৰ মাজত প্ৰশ্নৰ উদয় হৈছে যে ডিব্ৰুগড়ৰ বন বিভাগৰ প্ৰৰোচনাতেই বালি, মাটি পলস মাফিয়াৰ সংখ্যা বৃদ্ধি পাব ধৰিছে নেকি ? বন বিভাগৰ লোকে জব্দকৃত ডাম্পাৰৰ হিচাপ সাংবাদিকক দিব নোৱাৰা বিষয়টোৱে ৰহস্য সৃষ্টি কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *