ডিব্ৰুগড়ত (MJBT)ত পৌৰসভাৰ পৌৰকৰ সংগ্ৰহ নামত বিশাল ছিণ্ডিকেট

ডিব্ৰুগড়ত (MJBT)ত পৌৰসভাৰ পৌৰকৰ সংগ্ৰহ নামত বিশাল ছিণ্ডিকেট।

ডিব্ৰুগড়(MJBT) মুৰ্লিধৰ জালান বাছ ষ্টেণ্ডত পৌৰকৰ লোৱা পৰিবৰ্তে ডিব্ৰুগড় চহৰৰ মাজ-মজীয়াত বাহনৰ পৰা কৰ সংগ্ৰহ একাংশৰ।


ডিব্ৰুগড় পৌৰসভাৰ পৌৰকৰ সংগ্ৰহৰ নামত বিশাল ছিণ্ডিকেট।

পুৱতি নিশা পৰাই অবৈধ ভাৱে পাৰ্কিংৰ নামলৈ নাইট চুপাৰে দিব লাগে টকা।

ডিব্ৰুগড় হাফেন এণ্ড হাফৰ সন্মুখৰ পৰা আৰম্ভ কৰি বিশাল শ্বপিং মহল’ৰ লৈকে অবৈধ ভাৱে পাৰ্কিংৰ নামত ডেৰশ,দুশ (১৫০/২০০)টকা পৰ্য্যন্ত দিব লাগে দুৰণিবটিয়া বাছ সমূহে পৌৰকৰ নামত সংগ্ৰহ কৰা ব্যক্তিক।

ডিব্ৰুগড় মুৰ্লিধৰ জালান বাছ ষ্টেণ্ডৰ পৌৰসভাৰ পৌৰকৰ তুলিবলৈ MJBTত প্ৰাংগণত দিয়ে,কিন্তু তাকে নকৰি ডিব্ৰুগড় বজাৰ’ৰ মাজ মজিয়াত অবৈধ ভাৱে টকা লোৱা দেখা পোৱা গৈছে এইদৰে।

নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাইট চুপাৰক ৰেহাই নাপাই পৌৰসভাই পৌৰ কৰ সংগ্ৰহ কৰিবলৈ দিয়া
ব্যক্তিৰ পৰা।

নাইট চুপাৰৰ ড্ৰাইভাৰ আৰু কংডাক্টৰ অতিষ্ট হৈ অভিযোগ কৰে এটা পাচলি টোপোলা বাবদ দিব লাগে (১০০/১৫০)এশ বা ডেৰশ টকা আৰু তাটোতকৈ বেছি আনিলেও দিব লাগে অধিক পৌৰ কৰ।
ডিব্ৰুগড় পৌৰহভাৰ পৌৰকৰ অবৈধ ভাৱে পাচলিৰ টুকুৰী ওপৰত লোৱাৰ বাবে বজাৰত পাচলিৰ মূল্য বৃদ্ধি হোৱাটো ৰাইজৰ সন্দেহ।

ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতিয়ে সকলো দিশৰ পৰা জ্ঞাত বুলি ৰাইজৰ ধাৰণা ।
কিন্তু আচৰিত কথাটো হল যে ইমান ডাঙৰ ছিণ্ডিকেটৰ কথা পৌৰপতিয়ে নজনাটো হাস্যকৰ বিষয় হৈ পৰিছে।

এই ধৰণৰ লুণ্ঠন ৰাজ চলাবলৈ পৌৰপতিয়ে অনুমতি দিয়া যেন অনুভৱ হৈছে সচেতন মহলৰ।

পৌৰসভাৰ পৌৰপতিৰ ইমান দৰদ বা মৰম হোৱাৰ কাৰণ কি ?পৌৰকৰ সংগ্ৰহ কৰাত কোনো ধৰণৰ সময় সীমা নিৰ্ধাৰণ কৰি নিদিয়াত পৌৰকৰ’ৰ ওপৰত লুলঠন ৰাজ চলাবলৈ সুবিধা কৰি দিছে পৌৰপতিয়ে।লগতে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতিৰ এই অবৈধ অংকত অংশীদাৰ হোৱাৰ বাবে তেওঁ কোনো ধৰণৰ প্ৰদেশপ লোৱাৰ পৰা দূৰত আছে বুলি অভিযোগ কৰিছে ৰাইজে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *