ডিব্ৰুগড় চহৰৰ নিশেষ হোৱা পথত



ডিব্ৰুগড় চহৰৰ নিশেষ হোৱা পথত।

এইবাৰ ডিব্ৰুগড় চহৰৰ মালিপট্ৰীত মহাবাহু ব্ৰহ্মপুত্ৰই খুন্দা মাৰিলে চহৰৰ ৰক্ষা কৱচ ডিব্ৰুগড় টাউন পট্ৰেকচন চমুকৈ DTP ডাইকট।

ডিব্ৰুগড় চহৰলৈ তীব্ৰ ভাবুকি আহিছে কিয়নো
যিকোনো মূহুৰ্তত মহাবাহু ব্ৰহ্মপুত্ৰই খহাই নিব ডিব্ৰুগড় চহৰৰ ৰক্ষা কৱচ স্বৰূপ মথাউৰি।

মহাবাহু ব্ৰহ্মপুত্ৰই যেন ডিব্ৰুগড় চহৰলৈ নমাই আনিছে কাল অমানিশা।
এফালে যদি মাইজানত ৰিং বান্ধেৰে পানী সৰকি ডিব্ৰুগড়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আনফালে একে সময়তে
ডিব্ৰুগড় চহৰৰ মালিপট্ৰীত খহনীয়াক লৈ তীব্র আতংক সৃষ্টি হৈছে।
চহৰৰ প্ৰতি ক্ৰমান্বয়ে বিধ্বংসী ৰূপ লৈছে খহনীয়াই।
মাৰ্চ মাহত কছাৰী ঘাট, জুনৰ দ্বিতীয় সপ্তাহত পূজা ঘাট আৰু এতিয়া কয়লাঘাতৰ আৰু মালিপট্ৰীত খহনীয়াই তীব্র ভাবুকি কঢ়িয়াই আনিছে ঐতিহ্যমণ্ডিত চহৰ খনৰ প্ৰতি।
জিলা প্ৰশাসন, সংশ্লিষ্ট বিভাগে সময় থাকোঁতেই যদি দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কালৰ বুকুত বিলিন হোৱাৰ সম্ভাৱনা ডিব্ৰুগড় চহৰ।
দৈনিক বিপৰ্যয় স্বৰূপ হৈ পৰা খহনীয়াই চহৰৰ মাৰোৱাৰী পট্টি, পাঁচ আলি আদি অঞ্চলত কালৰূপ ধাৰণ কৰিছে এতিয়া।

প্ৰতিৰোধৰ নামত পাৰ্কুপাইন স্থাপন কৰি জি’ৰ বেগত কেইটামান বালি ভৰাই বাৰিষাৰ ফেনে ফুটুকাৰে বৈ অহা বিশাল মহাবাহুক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে জলসম্পদ বিভাগক।
যি কৰ্ম পৰ্যাপ্ত নহয় বুলি স্থানীয়ই এতিয়া আশংকা প্ৰকাশ কৰিছে।

ইফালে আজি সন্ধিয়া হঠাৎ চহৰৰ মালিপটীত সৃষ্টি হয় ভয়াবহ খহনীয়া।
খহনীয়া ফলত নদী আহি খুন্দা মৰে মথাউৰিত। যাৰ বাবে এতিয়া এক অতংক পৰিৱেশ সৃষ্টি হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *