ডিব্ৰুগড়ত পুনৰ জ্বলিল বাসগৃহ

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ।ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে ৩০টাৰো অধিক গৃহ।অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাছিল।যাৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *