ডায়েলাইছিছ ৰোগীসকল দ্বিধাগ্ৰস্ত- চিকিৎসালয়ত ভিৰ নকৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ

ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল, জনসমাগমৰ ফলত কোভিড –
১৯ সংক্ৰমণ বৃদ্ধি হয়,যাৰ বাবে সামাজিক ব্যৱধান আৰু শেহতীয়াকৈ শাৰীৰিক ব্যৱধান প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। সেয়ে হেমোডায়েলাইছিছ গ্ৰহণ কৰা বৃক্ক ৰোগীসকলৰ বাবে এয়া এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।”কোভিড -১৯ মহামাৰীৰ সাম্প্ৰতিক সময়ত এণ্ড ষ্টে’ ডিজিজ(ই এছ আৰ ডি) ৰোগীসকল অত্যন্ত সাৱধান আৰু সতৰ্ক হোৱা উচিত, কিয়নো আন ৰোগৰ লগতে চি কে ডিৰ সৃষ্টি হয়। এই ৰোগীসকলে দুবাৰ-তিনিবাৰ হেমোডায়েলাইছিছ লোৱা দৰকাৰ। চি এ ডি পি ৰোগীসকল ঘৰৰ পৰা বাহিৰ ওলাব নালাগে। বৰ্তমান সময়ত এয়াই হৈছে শ্ৰেষ্ঠ বিকল্প”। এনেদৰে কয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰ’লজী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ মঞ্জুৰী শৰ্মাই। ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি অতিশয় মেদ,অনিয়ন্ত্ৰিত বহুমূত্ৰ, যকৃতৰ সমস্যাৰ দৰে ৰোগত আক্ৰান্ত বয়স্ক আৰু যিকোনো বয়সৰ ৰোগীসকল কোভিড-১৯ত আক্ৰান্ত হোৱাৰ আশংকা আছে। বিশেষকৈ বৃক্ক ৰোগৰ ফলত ডায়েলাইছিছ গ্ৰহণ কৰা ৰোগীসকল কোভিড-১৯ আৰু আনধৰণৰ সংক্ৰমণৰ আক্রান্ত হোৱাৰ আশংকা অধিক হৈ পৰিছে। বিশেষজ্ঞই বৰ্তমান সকলোধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। পিছে ক’ৰণা ভাইৰাছে ডায়েলাইছিছ কেন্দ্ৰ আক্ৰমণ কৰিলে এইসমূহ এতিয়ালৈকে কাৰ্যকাৰী হৈ উঠা নাই। গতিকে ৰোগীসকলক ডায়েলাইছিছৰ সমান্তৰালভাৱে চিকিৎসালয়ত উপস্থিত হোৱাৰ পৰা বিৰত ৰখাটোও সম্প্ৰতিক সময়ত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।”কোভিড-১৯ মহামাৰীৰ সময়ত সামাজিক ব্যৱধান বৰ্তাই ৰখাটোৱেই হৈছে একমাত্র প্ৰতিৰোধমূলক ব্যৱস্থা। ৰোগৰ শৃংখল ভাঙিবলৈ এইটোৱেই একমাত্র ব্যৱস্থা। বিকল বৃক্কৰ সৈতে অধিকাংশ ডায়েলাইছিছ ৰোগীয়ে এবাৰত চাৰি ঘণ্টাকৈ সপ্তাহত তিনিবাৰ পৰ্যন্ত ৰক্ত পৰিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী । যি ডায়েলাইছিছ কেন্দ্ৰসমূহত হেমোডায়েলাইছিছৰ জৰিয়তে কৰা হয়। এনেদৰে কয় দিছ্পুৰ হাস্পতালৰ উপদেষ্টা নেফ্ৰ’লজিষ্ট ডাঃ টি এ চৌধুৰীয়ে। তেওঁ লগতে কয়”- সাম্প্ৰতিক পৰিস্থিতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সময়ত হেমোডায়েলাইছিছ সবাতোকৈ সহজসাধ্য বিকল্প নহয়। আনহাতে কমসংখ্যক ৰোগীয়েহে পেৰিটোনীল ডায়েলাইছিছৰ সহায়ত ঘৰতে নিজৰ যত্ন লয়। যি বৰ্তমান সংক্ৰমণৰ আশংকা নাশৰ বাবে ৰোগীসকলক চিকিৎসালয়লৈ যোৱাৰ পৰা বিৰত ৰাখিবলৈ সবাতোকৈ কাৰ্যকৰী পথ হিচাপে পৰিগণিত হৈছে। বিশেষজ্ঞই সকলো ৰোগীকে পিডি কেথেটাৰযুক্ত পেৰিটোনীল ডায়েলাইছিছ জৰুৰী হিচাপে উল্লেখ কৰিছে”।

By asombatori

Leave a Reply

Your email address will not be published. Required fields are marked *