টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ

টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ । বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ ।

দুলিয়াজান বিধান সভা সমষ্টিৰ তথা টেঙাখাত গাওঁ পঞ্চায়তৰ অন্তগত সৰু- অভয়পুৰীয়া গাঁৱৰ মাজেদি যোৱা প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিব্যস্থ পথটো জৰাজীৰ্ণ হৈ পৰাত আজি ডিব্ৰুগড় জিলা চুতীয়া মহিলা সন্মিলনৰ সভানেত্ৰী দীপা চুতীয়াৰ নেতৃত্বত গাঁৱখনৰ একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

সৰু- অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়ত অভিভাবক সকলৰ উপস্থিতিত অনুষ্ঠিত বিশেস কাৰ্যসূচীৰ অন্তত ছাত্ৰ- ছাত্ৰী সকলক লৈ উক্ত বোকাময় জৰাজীৰ্ণ পথত পায়চাৰী কৰি বিশেষ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী মহিলা সকলৰ নেতৃত্ব প্ৰদান কৰা উল্লেখিত ডিব্ৰুগড় জিলা চুতীয়া মহিলা সন্মিলনৰ সভানেত্ৰী তথা কেন্দ্ৰীয় সমিতিৰ সদস্যা দীপা চুতীয়াই সংবাদ মাধ্যমৰ আগত উক্ত পথটো — অনতিপলমে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক দাবী জনায় ।

ইয়াৰ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি ভাবুকি প্ৰদান কৰে ।

ইফালে স্থানীয় ৱাৰ্ড-মেম্বাৰ গৰাকী কংগ্ৰেছ দলৰ হোৱাৰ বাবে স্থানীয় বিধায়ক তেৰচ গোৱালাই মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ কৰি তীব্ৰ ক্ষোভ ব্যক্ত প্ৰকাশ কৰাৰ লগতে এনে দৃষ্টিভংগী সলনী নকৰিলে আগন্তুক দিনত চুতীয়া ৰাইজক ভোটদানৰ পৰা বিৰত থাকিব বুলি ভাবুকি প্ৰদান কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *