টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে

বঙাইগাঁৱৰ গোলাপাৰা বাংলাপাৰ গাওঁ পঞ্চায়তত GPC আৰু GRS ৰ লুন্ঠনৰাজ। টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে। জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা – বাংলাপাৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন মোকলাই দিয়াৰ নামত GRS আৰু GPC য়ে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। GRS শ্বাহিদুল ইছলাম আৰু GPC ৰুহুল আমিনে গোলাপাৰা ১ম খণ্ডৰ হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ নামত 1/2 হাজাৰ কৈ টকা উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন হৈছে। যিসকল হিতাধিকাৰীয়ে উৎকোচৰ ধন আদায় নিদিয়ে সেইসকলৰ ধন মোকলাই নিদিয়ে GPC আৰু GRS য়ে। ফলত হিতাধিকাৰী সকলে দুয়োজন পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে বঙাইগাঁও জিলা উপায়ুক্ত লৈ অভিযোগ দাখিল কৰিছে। আজি গাওঁখনৰ হিতাধিকাৰী সকলে GPC আৰু GRS ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *