জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া।অসম আৰক্ষীৰ নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছে । ইতিমধ্যে অসম চৰকাৰে এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা কেইবাজনো আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজ, নিলম্বন কৰাৰ লগতে সমগ্ৰ ঘটনাটো তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে অসম চৰকাৰৰে নিয়ন্ত্ৰণাধীন সংস্থা চি.আই.ডিক । যিহেতু এই সমগ্ৰ ঘটনাৰ সৈতে কেইবাজনো আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছে তেনেস্থলত চৰকাৰে অসম আৰক্ষীৰ লগত সু- সম্পৰ্ক থকা তদন্তকাৰী সংস্থা এটাকে তদন্তৰ দায়িত্ব দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ হৈ মুখপাত্ৰ তথা সম্পাদক তুষাৰ বৰাই । এই প্ৰেছ বিজ্ঞপত্তি/ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি বৰাই কয় যে এই ঘটনাৰ তদন্তৰ ভাৰ অতি সোনকালে চি.বি.আই অন্যথা অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ দ্বাৰা নিৰপেক্ষ তদন্ত কৰিলে হে প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু দোষীয়ে শাস্তি পাব ।