জুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান

43

জুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান ।অভিযানত নগদ ধন আৰু জুৱাত ব্যৱহৃত সামগ্ৰী সহ আটক তিনি জুৱাৰী।এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ লালুং গাঁৱত চলিছিল আৰক্ষীৰ অভিযান।অভিযানত আটক হোৱা তিনি জুৱাৰী ক্ৰমে আবু হানিফা,ৰজব আলী আৰু ৰশিদুল হক।আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃত সামগ্ৰীৰ লগতে ১১১০ টকা আৰু তিনি জুৱাৰীৰ পৰা দুটা মবাইল ফোন জব্দ কৰে।সম্প্ৰতি তিনি জুৱাৰীক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।