খাৰঘূলিত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা৷ জলবিস্ফোৰণ হৈ ৭টাকৈ বাসগৃহ, ৬খন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হৈছিল এটি কণমানি৷ ১৪খন ই-ৰিক্সা, ৪খন দুচকীয়া বাহন, ২খন অটো ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত ৷ নতুন বছৰৰ আৰম্ভণিতে এক শোকাৱহ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। হেঁপাহৰ ঘৰখন হেৰুৱাই প্ৰচণ্ড শীতৰ মাজতে আশ্ৰয় শিবিৰত কটালে ক্ষতিগ্ৰস্ত ৰাইজে।vপানীৰ সোঁতত ক্ষতিসাধন হৈছে কেইবাখনো বাহনৰো। এই জল বিস্ফোৰণত আহত হৈছে এটি শিশু। পানীৰ ইমানেই প্ৰৱল সোত আছিল যে পানীৰ তীব্ৰ সোঁতে ভাঙি নিছিৱ গছৰ ডাল। ৩০ৰ পৰা ৪০ পৰ্যন্ত ওপৰলৈ উঠিছিল পানীৰ ফোঁৱাৰা।ইয়াৰ পাছতেই খাৰঘুলিত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। পাইপ বিস্ফোৰণৰ পিছত অতিকৈ ক্ষতিগ্ৰস্ত ৪টা পৰিয়ালৰ বাবে ঘোষণা কৰা হৈছে ১.২ লাখ টকাৰ ক্ষতিপূৰণ।