জনপ্ৰতিনিধিৰ বিলৈ! বাল্টিৰে কঢ়িয়াইছে নলাৰ পানী।



জনপ্ৰতিনিধিৰ বিলৈ!
বাল্টিৰে কঢ়িয়াইছে বৰ্জিত পানী।
বাল্টিৰে কঢ়িয়াইছে পানী।
পানী নিষ্কাষনৰ বাবে নাই কোনো দ্ৰেইন ।
সেয়ে নিৰূপায় হৈ এনেদৰে বৰ্জিত পানী বাল্টিৰে কঢ়িয়াই আঁতৰৰ নলাত পেলাইছে।
এয়া পিছে এলাপেছা মহিলা নহয় ।
সৰ্থেবাৰী পৌৰসভাৰ ৪নং ৱাৰ্ডৰ ভাজপা দলৰ পাৰিষদ প্ৰেমদা তামুলী।
৪নং ৱাৰ্ডত পানী ওলাই যাবলৈ নাই নলা।
জয়ী হ’লেই দ্ৰেইন নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰেমদা তামুলীয়ে।
কিন্তু দ্ৰেইন নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ জয়ী হোৱা খোদ প্ৰেমদা তামুলীয়ে প্ৰতিদিনে এনেকৈ নিজৰ বৰ্জিত পানী কঢ়িয়াই আঁতৰৰ দ্ৰেইনত পেলাইছে।
দিল্লীত নিজৰ দলৰ চৰকাৰ,
অসমতো নিজৰ দলৰ চৰকাৰ , আনকি সৰ্থেবাৰী পৌৰসভাও ভাজপাৰ দখলত।
তাৰপিছতো শাসকীয় দলৰ জনপ্ৰতিনিধিৰ এই দুৰ্দশাই সকলোকে দিছে আমোদৰ খোৰাক!

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *