ছিকিমৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ যুৱক। বাক্সাৰ আনন্দ বজাৰৰ ভাৰতীয় সেনাত কৰ্মৰত যুৱক সন্ধানহীন । আলিপুৰদুৱাৰত কৰ্মৰত সন্ধানহীন সেনা জোৱান মিটু কলিতা। বিভাগীয় নিৰ্দেশ অনুসৰি ছিকিমলৈ গৈছিল মিটু কলিতা। আলিপুৰদুৱাৰৰ পৰা ছিকিমলৈ গৈ থকাৰ খবৰ জনাইছিল ভাতৃক। ছিকিমৰ পৰা উভতাৰ পথতেই সংঘটিত হৈছিল ভয়াৱহ ডাৱৰ বিস্ফোৰণ। বৰ্তমানলৈকে পৰিয়ালৰ লোকে পোৱা নাই কোনো সম্ভেদ।
