চৰকাৰী ঘৰৰ নামত উৎকোচ

বকো উন্নয়ণ খণ্ডৰ ৬৯ নং দক্ষিণ পূৱ বকো গাওঁ পঞ্চায়তত আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা অভিযোগ। উৎকোচ লোৱা আৰু দিয়া অপৰাধ যদিও এচাম চৰকাৰী কৰ্মচাৰীৰ বাবে উৎকোচ লোৱাটো সংবিধান প্ৰদত্ত বিধিত পৰিণত হৈছে। এই ঘটনা কামৰূপ জিলাৰ বকোৰ। উল্লেখ্য যে ; বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৬৯ দক্ষিণ পূৱ বকো গাওঁ পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী তথা জি পি চিৰ বিৰুদ্ধে উত্থাপন হৈছে আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা অভিযোগ। এই অভিযোগ উত্থাপন কৰে নাগোপাৰা গাওঁৰ লাঙা ৰাভাৰ পৰিয়ালে। লাঙা ৰাভাৰ পৰিয়ালে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি পঞ্চায়তৰ পৰা লাভ কৰা প্ৰধান মন্ত্ৰী আৱাস গৃহ প্ৰদান কৰাৰ বাবদ জি পি চি জনে মুঠ তিনি হাজাৰ টকা উপঢৌকন লয়। আনহাতে গাওঁ খনৰ একাংশ সচেতন লোকে অভিযোগ কৰে যে পঞ্চায়তৰ কৰ্মীয়ে হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা বহু উদাহৰণ আছে। এই ক্ষেত্ৰত খণ্ড উন্নয়ণ বিষয়া গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *