চৰকাৰী আঁচনি মানেই যেন লুণ্ঠন। বাৰিষাৰ প্ৰাক মুহূৰ্তত বানে ত্ৰাসৰ সৃষ্টি কৰা নৈ উপনৈ সমূহৰ মথাউৰী ঠিক কৰাৰ বাবে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতেই ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে মথাউৰী পুনৰ নিৰ্মাণৰ কাম। কিন্তু একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ লুণ্ঠনৰ বাবে বলিয়া বানৰ আশংকাত ভুগিছে গঞা ৰাইজ। লুইতৰ বানৰ আশংকাত থকা নগাঁও জিলাৰ উত্তৰ পশ্ছিম অঞ্চলৰ শতাধিক ৰাজহ গাঁৱৰ একমাত্ৰ ভৰসাৰ স্থল ধিং শিলঘাট সংযোগী মথাউৰী। ৰাজ্য চৰকাৰৰ কেইবাশ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ পাৰেৰে মথাউৰীৰ উপৰত পথ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হৈছে যদিও ডুমডুমীয়া, পুঠিমাৰী, সূতিৰ পাৰ আদি অঞ্চলত এই পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি পথ বা মথাউৰী পুনৰ নিৰ্মাণত ইয়াৰ উচ্চতা বৃদ্ধি হব লাগে যদিওঁ একমাত্ৰ বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ঠিকাদাৰৰ লুণ্ঠন ৰাজ আৰম্ভ হৈছে পথছোৱাত। যাৰ বাবে উচ্ছতা বৃদ্ধিৰ সলনি কমাহে পৰিলক্ষিত হৈছে বৃহত্তৰ অঞ্চলত। একমাত্ৰ ঠিকাদাৰে নিজৰ মুনাফাৰ বাবে পথৰ মাজৰ পৰা মাটি কাটি চাইড বাম নিৰ্মান কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক। যাৰ বাবে সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।
