চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মহিলা হিতাধিকাৰীৰ প্ৰতিবাদ মায়ং গাঁও পঞ্চা়য়তত

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মহিলা হিতাধিকাৰীৰ প্ৰতিবাদ মায়ং গাঁও পঞ্চা়য়তত।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। কিন্তু বহুক্ষেত্ৰত এই আঁচনি সমূহে স্পৰ্শ নকৰে প্ৰকৃত লোকসকলক।
আজি মায়ং গাওঁ পঞ্চায়তৰ সমুখত মায়ং অঞ্চলৰ মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

নিদিষ্ট হিতাধিকাৰীয়ে চৰকাৰী সা – সুবিধাৰ পৰা বঞ্চিত হোৱাক লৈ আজি মায়ং গাওঁ পঞ্চায়তৰ সমুখত অঞ্চলটোৰ মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
বিগত কেইটামান বছৰৰ পৰা মায়ং গাওঁ পঞ্চায়তৰ সভাপতিৰ কিম্বা সদস্যসকলে নিৰ্দিষ্ট হিতাধিকাৰীৰ বিপৰীতে নিজ নিজ পৰিয়াল আৰু আপোন লোক সকলৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰি চৰকাৰী আঁচনিৰ সুবিধা দি আহিছে বুলি প্ৰতিবাদ স্থলীত উপস্থিত থকা মহিলা সকলে অভিযোগ উত্থাপন কৰিছে।
প্ৰতিটো আঁচনি পুনৰ নিৰীক্ষণৰ দাবী জনাইছে আজি উপস্থিত থকা শ শ প্ৰতিবাদকাৰী মহিলাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *