গোলাঘাটৰ কাছমাৰীৰ চামগুৰিৰ মিচিং গাঁৱৰ প্ৰয়াত তুচু চহ ৰ ৪৪ বছৰ বয়সীয়া পুত্ৰ অম্বেশ্বৰ চহ যোৱা শুক্ৰবাৰে চেন্নাইলৈ কৰ্মৰ সন্ধানত উপস্থিত হৈছিল ৷ চেন্নাইৰ আটিকুটু নামৰ ঠাইৰ পৰা যোৱা মঙ্গল বাৰ অৰ্থাৎ ২১ মাৰ্চৰ দিনা সন্ধানহীন হয় ৷ মঙ্গলবাৰৰ দিনাৰ পৰা অম্বেশ্বৰ 9707074925 নম্বৰত পৰিয়ালৰ লোকে বাৰেপতি ফোন কৰিও যোগাযোগ কৰিব পৰা নাই ৷ স্বাভাবিকতেই দুটা কণমানি সন্তানৰ পৃতি অম্বেশ্বৰৰ সৈতে সংযোগ বিছিন্ন হোৱা বিষয়টোৱে পত্নী তথা পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে আৰু তেওঁৰ সন্ধান পালে *9859542743* নম্বৰত বা নিকটৱৰ্তী থানাত জনাবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷
