চিৰাঙৰ বিজনীত নেতাজীক চৰম অপমান । দুষ্কৃতিকাৰীয়ে ভাঙিলে নেতাজী সুভাষ পথৰ ছাইনবোৰ্ড।চিৰাং জিলাৰ বিজনী পৌৰসভাৰ অন্তৰ্গত বিজনীত বিভিন্ন পথৰ নামেৰে ছাইনবোৰ্ড লাগাইছিলে পৌৰসভাৰ পৰা । আজি বিজনী আমগুৰীৰ ৩ নং ৱাৰ্ডৰ ছাইনবোৰ্ড কোন দুষ্কৃতিকাৰীয়ে নেতাজী সুভাষ পথৰ ছাইনবোৰ্ডখন উভালী পেলাই নেতাজী সুভাষ পথৰ লিখাৰ ওপৰত তামুলৰ পিক, ক’লা মোবিল পেলাই নেতাজী সুভাষ চন্দ্ৰ বসুক অপমান কৰা হৈছে বুলি সদৌ অসম বাঙালী ফেডাৰেচনৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই কাৰ্য কৰা ব্যাক্তিক প্ৰশাসনে অতি সোনকালে আটক কৰি দুৰ্বৃত্তক দৃষ্টান্ত মূলক শাস্তি বিহিবলৈ দাবী জনায় । পাছলৈ বিজনী থানাত এই সন্দৰ্ভত অৱগত কৰাত ঘটনা স্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰনৱজ্যোতি কলিতা আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাফুকন মৰাং উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । পাছলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তৰফৰ বেনাৰ খন পানীৰে আৰু গাখীৰেৰে ধুই পুষ্পাঞ্জলী অৰ্পন কৰি চাইনবোৰ্ড পুনৰ স্থাপন কৰে । নেতাজী সুভাষ চন্দ্ৰক এই দৰে কোনে অপমান কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব ।
